“কথা কবিতা” (Prose poetry) বুলিলে কাব্যিক অনুভূতিৰে ভৰা গদ্য ৰচনাক বুজা যায়, য’ত সাধাৰণ কবিতাৰ দৰে ছন্দ বা পদ্যৰীতিৰ কঠোৰ নিয়ম মানি চলা নহয়, কিন্তু কবিতাৰ সকলো মূল উপাদান, যেনে – চিত্ৰকল্প, ৰূপক, আৰু গভীৰ ভাৱব্যঞ্জনা আদি বিদ্যমান থাকে। ই গদ্য আৰু কবিতাৰ সংমিশ্ৰিত এক সৃজনশীল ধাৰা।
কথা কবিতাৰ দুটা মুখ্য বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল:
১. চিত্ৰধৰ্মীতা: কথা কবিতাৰ প্ৰাথমিক উদ্দেশ্য হ’ল শব্দৰ সহায়ত একোখন চিত্ৰ বা দৃশ্যবস্তুক সজীৱ কৰি তোলা। ইয়াত ধ্বনি বা শ্ৰুতিমধুৰতাতকৈ দৃশ্যগত বৰ্ণনাক অধিক গুৰুত্ব দিয়া হয়।
২. এটা কেন্দ্ৰস্থ ভাৱ প্ৰধান: চনেটৰ দৰে কথা কবিতাতো কেৱল এটিমাত্ৰ কেন্দ্ৰীয় ভাৱ বা অনুভূতি থাকে। সেই ভাৱটোক বিভিন্ন সৰু-বৰ চিত্ৰকল্পৰ (imagery) সহায়ত ফুটাই তোলা হয়।





