ভাৰতীয় সংবিধানৰ মৌলিক কর্তব্য কেইটা আৰু কি কি?

ভাৰতীয় সংবিধানত বৰ্তমান ১১ টা মৌলিক কৰ্তব্য আছে। এই কৰ্তব্যসমূহ সংবিধানৰ Part IV-A অংশৰ Article 51A-ৰ অধীনত তালিকাভুক্ত কৰা হৈছে। 

মূল সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তর্ভুক্ত কৰা হোৱা নাছিল। পৰৱৰ্তী সময়ত, স্বৰণ সিং সমিতিৰ পৰামৰ্শ অনুসৰি ১৯৭৬ চনৰ ৪২তম সংশোধনী আইনৰ জৰিয়তে ১০টা মৌলিক কৰ্তব্য যোগ কৰা হয়। ২০০২ চনৰ ৮৬তম সংশোধনী আইনৰ জৰিয়তে একাদশতম কৰ্তব্যটো যোগ কৰা হৈছিল। 

মৌলিক কৰ্তব্যসমূহ হৈছে:

ক) সংবিধান মানি চলা আৰু ইয়াৰ আদৰ্শ আৰু অনুষ্ঠানসমূহ, জাতীয় পতাকা আৰু জাতীয় সংগীতক সন্মান জনোৱা।

খ) আমাৰ জাতীয় স্বাধীনতা সংগ্ৰামক অনুপ্ৰাণিত কৰা মহৎ আদৰ্শসমূহক লালন কৰা আৰু অনুসৰণ কৰা।

গ) ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা বজাই ৰখা আৰু সুৰক্ষা দিয়া।

ঘ) দেশ ৰক্ষা কৰা আৰু আহ্বান জনোৱা হ’লে ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা।

ঙ) ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক বা অংশগত বৈচিত্ৰ্যৰ উৰ্ধত ভাৰতৰ সকলো মানুহৰ মাজত সংহতি আৰু উমৈহতীয়া ভাতৃত্ববোধৰ মনোভাৱ গঢ়ি তোলা; নাৰীৰ মৰ্যাদা হানিকাৰক আচাৰসমূহ পৰিত্যাগ কৰা।

চ) আমাৰ সমন্বিত সংস্কৃতিৰ সমৃদ্ধিশালী ঐতিহ্যক মূল্য দিয়া আৰু সংৰক্ষণ কৰা।

ছ) বন, হ্ৰদ, নদী আৰু বন্যপ্ৰাণীসহ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা আৰু উন্নত কৰা আৰু জীৱজন্তুৰ প্ৰতি দয়া অনুভৱ কৰা।

জ) বৈজ্ঞানিক মনোভাৱ, মানৱতাবাদ আৰু অনুসন্ধান আৰু সংস্কাৰৰ মনোভাৱ বিকাশ কৰা।

ঝ) ৰাজহুৱা সম্পত্তি সুৰক্ষিত কৰা আৰু হিংসা পৰিহাৰ কৰা।

ঞ) ব্যক্তিগত আৰু সামূহিক কাৰ্যকলাপৰ সকলো ক্ষেত্ৰতে উৎকৰ্ষৰ বাবে চেষ্টা কৰা, যাতে দেশখনে অহৰহ উচ্চ স্তৰৰ প্ৰচেষ্টা আৰু কৃতিত্বৰ পিনে আগবাঢ়িব পাৰে।

ট) ৬ৰ পৰা ১৪ বছৰ বয়সৰ নিজৰ সন্তান বা তত্ত্বাৱধানত থকা শিশুক শিক্ষাৰ সুযোগ প্ৰদান কৰা (এইটো কৰ্তব্য ৮৬তম সংশোধনী আইন, ২০০২ দ্বাৰা যোগ কৰা হৈছিল)। 


Read More: