মৌলিক অধিকাৰ কেইটা আৰু কি কি?

ভাৰতীয় সংবিধান অনুসৰি, ৬টা মৌলিক অধিকাৰ আছে, এই অধিকাৰসমূহ সংবিধানৰ তৃতীয় ভাগৰ ১২ ৰ পৰা ৩৫ অনুচ্ছেদত উল্লেখ আছে। 

মৌলিক অধিকাৰসমূহ হ’ল:

  1. সমতাৰ অধিকাৰ (অনুচ্ছেদ ১৪-১৮): আইনৰ দৃষ্টিত সকলো সমান, আৰু ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত কোনো বৈষম্য নিষিদ্ধ।
  2. স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ১৯-২২): বাক স্বাধীনতা, সভা-সমিতি গঠন, ভ্ৰমণ, বসবাস আৰু যিকোনো বৃত্তি বা ব্যৱসায় কৰাৰ স্বাধীনতাসহ কেইবাটাও স্বাধীনতাৰ নিশ্চয়তা দিয়ে।
  3. শোষণৰ বিৰুদ্ধে অধিকাৰ (অনুচ্ছেদ ২৩-২৪): মানুহৰ সৰবৰাহ, বলপূৰ্বক শ্ৰম আৰু শিশু শ্ৰম নিষিদ্ধ কৰা হৈছে।
  4. ধাৰ্মিক স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ২৫-২৮): বিবেকৰ স্বাধীনতা আৰু মুক্তভাৱে ধৰ্ম স্বীকাৰ, আচাৰ আৰু প্ৰচাৰ কৰাৰ অধিকাৰ অন্তর্ভুক্ত।
  5. সাংস্কৃতিক আৰু শিক্ষাগত অধিকাৰ (অনুচ্ছেদ ২৯-৩০): সংখ্যালঘুসকলৰ ভাষা, লিপি আৰু সংস্কৃতি সংৰক্ষণৰ লগতে শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনাৰ অধিকাৰ সুনিশ্চিত কৰে।
  6. সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (অনুচ্ছেদ ৩২): মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰা অধিকাৰ, যিটো মৌলিক অধিকাৰসমূহৰ সুৰক্ষা কৱচ হিচাপে কাম কৰে। 

মূল সংবিধানে সাতটা মৌলিক অধিকাৰ দিছিল, কিন্তু ১৯৭৮ চনৰ ৪৪তম সংশোধনী আইনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক (অনুচ্ছেদ ৩১) মৌলিক অধিকাৰৰ তালিকাৰ পৰা আঁতৰাই এক আইনী অধিকাৰ (অনুচ্ছেদ ৩০০A) কৰা হয়। 


More Assamese Question Answers: