লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৃতি

অসমীয়া সাহিত্য জগতৰ এটি উজ্জ্বল নক্ষত্ৰ হ’ল লক্ষ্মীনাথ বেজবৰুৱা ৷ অসমীয়া ভাষাৰ ভেঁটি সুদৃঢ় কৰাত তেওঁৰ অৱদান অসীম ৷ অসমীয়া সাহিত্যৰ প্ৰতিটো ভাগতেই তেওঁৰ দখল সুস্পষ্ট আৰু আদৰণীয় ৷ এই অফুৰন্ত প্ৰতিভাৰ অধিকাৰী হোৱা বাবেই তেওঁক সাহিত্যৰথী নামেৰে বিভূষিত কৰা হয় ৷

লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁৰ নিজস্ব শৈলীত নাটক, চুটিগল্প, কৱিতা, উপন্যাস আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ পুঠিভৰাঁলখন চহকী কৰি থৈ গৈছে ৷ “জয়মতী কুৱঁৰী”, “বেলিমাৰ”, “চক্ৰধ্ৱজ সিংহ” আদি নাটকৰ জৰিয়তে তেওঁ পুৰণি অসমীয়াৰ বুৰঞ্জীক আলোকপাত কৰিছে ৷ “সুৰভি”, “জোনবিৰি”, “কেহোঁকলি” আদি তেওঁৰ দ্বাৰা ৰচিত গল্পৰ পুথি ৷ এই গল্পসমূহত তেওঁ ব্যৱহাৰ কৰা শব্দ আৰু ভংগীলৈ লক্ষ্য কৰিলে তেওঁৰ ভিতৰত থকা বিশাল প্ৰতিভাৰ কথা অনুমান কৰিব পাৰি ৷ বেজবৰুৱাদেৱে কৱিতাৰ ক্ষেত্ৰখনতো নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ তেখেতৰ কৱিতা পুথিখনৰ নাম হ’ল “কদমকলি” ৷ অসম সংগীত তেওঁৰ এটি অন্যতম শ্ৰেষ্ঠ কৱিতা ৷ তেখেতৰদ্বাৰা ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম হ’ল- পদুম কুঁৱৰী ৷ এই উপন্যাসখন স্বদেশ প্ৰেমৰ আধাৰত ৰচনা কৰা হৈছিল ৷ তাৰ উপৰিও তেওঁ ৰচনা কৰা সাধুকথাৰ পুথিসমূহ জগৎ বিখ্যাত ৷ তেওঁৰ “বুঢ়ী আইৰ সাধু” নামৰ সাধু কথাৰ পুথিখন বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে ৷ “সাধুকথাৰ কুঁকি” আৰু “ককাদেউতা আৰু নাতি ল’ৰা” তেওঁৰ আনদুখন উল্লেখযোগ্য সাধুকথাৰ পুথি ৷

বেজবৰুৱাদেৱৰ আন এটা বিশেষত্ব হ’ল তেওঁৰ ভাষাত সৃষ্টি হোৱা হাস্যৰস যিয়ে পঢ়ুৱৈ সমাজক আমোদ দিয়াত যথেষ্ট আৰিহণা যোগায় ৷ “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা”, “নোমল”, “লিটিকাই” আদি এই বিশেষত্বৰ এক উল্লেখযোগ্য নিদৰ্শন ৷ এই গুণৰ বাবে তেওঁক ৰসৰাজ নামেৰেও জনা যায় ৷

তেওঁ অসমীয়া আলোচনী “বাহীঁ” ৰ সম্পাদনা কৰিছিল যিয়ে অসমীয়া ভাষাক এক নতুন দিগন্তলৈ লৈ গৈছিল ৷ ইয়াৰ উপৰিও বেজবৰুৱাদেৱে বিভিন্ন ধৰণৰ সাহিত্যচৰ্চাৰ সৈতে জড়িত হৈ আছিল ৷ তেখেতৰ এই অতুলনীয় অৱদানৰ বাবে তেওঁ অসমীয়া সমাজত চিৰষ্মৰণীয় হৈ ৰৱ ৷


More Assamese Q&A: