চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাটিৰ মূলভাৱ লিখা

‘মানৱ বন্দনা’ কবিতাটিৰ মূলভাৱ

প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন  এই পৃথিৱীখনৰ  মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই  মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলে কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোবাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোহে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে । কবিৰ মতে মানুহ নৰৰুপী ভগৱান । এই  নৰৰুপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য- অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে।

‘মানৱ বন্দনা’  কবিতাটিৰ অন্তর্নিহিত সাৰমৰ্ম

‘মানৱ – বন্দনা’  কবিতাটিত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই এই সংসাৰত মানুহৰ জন্ম , মৃত্যু আৰু প্ৰাণীশ্ৰেষ্ঠ মানুহৰ প্ৰকৃত কৰ্তব্য তথা মানুহৰ প্ৰতি মানুহৰ কৰ্তব্যৰ কথা উল্লেখ কৰিছে । এই পৃথিৱীলৈ মানুহ অহৰহ চামে চামে আহিয়েই আছে আৰু পৃথিৱীৰ পৰা সেইদৰে গৈয়েই আছে , অৰ্থাৎ পৃথিৱীত মানুহৰ অহৰহ জন্ম হৈ আছে , সেইদৰে মৃত্যুও হৈ আছে ।  ‘ময়াপি জীৱ’  হিচাপে এচাম জন্মিছে আৰু এচামৰ মৃত্যু হৈছে । পৃথিৱী জনশূন্য কেতিয়াও হোৱা নাই , সেয়ে পৃথিৱীক  ‘মৰত’  অৰ্থাৎ মৃত্যুময় ঠাই বুলি কোৱাৰ কোনো অৰ্থ নাই , কিয়নো পৃথিৱীত জন্ম মৃত্যুৰ সোতৰ কেতিয়াও অন্ত নহয় । সেই কাৰণে মানুহে পৃথিৱীত জীয়াই থকাকেইদিন মানুহৰ কাম কৰিব লাগে – মানুহে মানুহৰ মৰম বুজিব লাগে । মানুহে মানুহৰ প্ৰতি কৰা মৰম , চেনেহ দয়াই হৈছে মানুহৰ প্ৰকৃত ধৰ্ম । এই পৃথিৱীত মানুহেই হৈছে মানুহৰ সংগ বা লগ ; – । মানুহেই হৈছে মানুহৰ বাবে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ  ― পৰম সত্য । মানুহে মানুহৰ প্ৰতি এনেভাব পোষণ কৰিলে মানুহে এই পৃথিৱীকে স্বৰ্গতকৈয়ো অধিক বুলি অনুভৱ কৰিব , এই পৃথিৱীকে নিজৰ ঘৰ বুলি ভাবিব পাৰিব । এই পৃথিৱীত মানুহৰ বাবে মানুহ বিনে আৰু কোনো নাই , মানুহৰ বাবে মানুহেই দেৱতা , মানুহেই সেৱাৰ যোগ্য । সেই কাৰণে পাদ্য –  অৰ্য্য লৈ মানুহে মানুহকেই পূজা – সেৱা কৰিব লাগে , অৰ্থাৎ মানুহে মানুহৰ কল্যাণৰ কাৰণে কাম কৰাটো উচিত । 

Related Q&A: